ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 1, 2024 1:12 PM | Badminton

printer

ভাৰতত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতে ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰিব। গুৱাহাটীৰ নেশ্যনেল চেণ্টাৰ অব এক্সিলেন্সত এই প্রতিযোগিতাৰ আয়োজন কৰা হ’ব। বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন বি ডব্লিউ এফৰ সভাপতি প’ল এৰিক হোয়ৰে কৈছে যে ভাৰতত যুৱ বেডমিণ্টন প্রতিভাৰ উত্থান ঘটা পৰিলক্ষিত হৈছে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত বি ডব্লিউ এফে ভাৰতত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। প্ৰতিযোগিতাৰ সূচী পিছত ঘোষণা কৰা হ’ব। ইয়াৰ পূৰ্বে ২০০৮ চনত পুণেত বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল।