ভাৰতক সামাজিক ক্ষেত্ৰৰ উল্লেখনীয় সাফল্য বঁটা ২০২৫ৰে সন্মান আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাৰ

আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাই ভাৰতক সামাজিক ক্ষেত্ৰৰ উল্লেখনীয় সাফল্য বঁটা ২০২৫ৰে সন্মানিত কৰিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মণ্ডাভিয়াই আজি নতুন দিল্লীত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সামাজিক সুৰক্ষা সামৰি লোৱা লোকৰ সংখ্যা ৬৪ শতাংশলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে দেশৰ সামাজিক সুৰক্ষা খণ্ডত ভাল প্ৰদৰ্শন কৰি আছে আৰু বিগত দশকত এই ক্ষেত্ৰত উল্লেখযোগ্য কাম হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজহুৱা দিহা-পৰামৰ্শৰ বাবে শ্রম শক্তি ২০২৫ নামৰ ৰাষ্ট্ৰীয় শ্ৰম আৰু নিয়োগ নীতিৰ খচৰা মুকলি কৰে। ৰাষ্ট্ৰীয় শ্ৰম আৰু নিয়োগ নীতি সন্দৰ্ভত শ্ৰীমণ্ডাভিয়াই কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য অনুযায়ী নিকা, সৰ্বাত্মক আৰু ভৱিষ্যমুখী দৃষ্টিভংগীৰৈ এই নীতি প্ৰস্তুত কৰা হৈছে। এই নীতিয়ে কর্মসংস্থাপনৰ বাবে দেশৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱাৰূপে আগুৱাই লৈ যাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।