ভাষাৰ ওজা, হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসত ৰাজ্যবাসীৰ শ্রদ্ধাঞ্জলি

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা প্ৰতিমূৰ্তিস্থলীত ভাষাৰ ওজাগৰাকীক শ্রদ্ধাঞ্জলি জনোৱা হ’ব। বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে ভাষাৰ ওজাগৰাকীৰ পৰিয়ালৰ উপস্থিতিত আয়োজিত এই শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংক্ষিপ্ত স্মৃতিচাৰণ সভা, গছপুলি ৰোপন কাৰ্যসূচীব আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ তিনিআলিত থকা হেমচন্দ্ৰ বৰুৱাৰ আবক্ষ মূৰ্তিৰ সন্মুখত কালি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। নুমলীগড়ৰ তেলগৰমতো কালি বর্ণাঢ্য কাৰ্যসূচীৰে হেমচন্দ্ৰ বৰুৱাক স্মৰণ কৰা হয়। উল্লেখযোগ্য যে অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণয়ন কৰা হেমকোষ অভিধান তেওঁৰ মৃত্যুৰ পাছত ১৯০০ চনত প্ৰকাশ কৰা হৈছিল। তেওঁৰ জন্মদিন অর্থাৎ ১০ ডিচেম্বৰৰ দিনটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।