ভার্চুৱেল মাধ্যমেৰে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ ৭জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ সাতজন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভার্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন দুজন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত হাফলং উপ-কাৰাগাৰত কাৰাবন্দী হৈ আছে। এই আটাইকেইগৰাকী অভিযুক্তক অহা ৩ ডিচেম্বৰত পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।