ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভটিয়াপাৰৰ অ’ এন জি চিৰ গেছ নির্গমন সন্দৰ্ভত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ অ’ এন জি চিৰ গেছ নির্গমন সন্দৰ্ভত কালি লোক সেৱা ভৱনত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে এখন গুৰুত্ব বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে গেছ নির্গমনৰ ঘটনাটো অতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। ড০ শৰ্মাই জনসাধাৰণৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষগৰাকীক আহ্বান জনায়।
মুখ্যমন্ত্রী শর্মাই এই গেছ নির্গমন সন্দৰ্ভত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী হৰদীপ সিং পুৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ অৱনতি ৰোধ কৰাৰ বাবে অ’ এন জি চিক যুদ্ধকালীন তৎপৰতাৰে গেছ নির্গমন নিয়ন্ত্ৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ নিৰ্দেশ দিবলৈ পত্ৰখনৰ জৰিয়তে অনুৰোধ জনাইছে। তেওঁ লগতে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে অ’ এন জি চিয়ে অধিক সক্রিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি মত পোষণ কৰে। ৰাজ্য চৰকাৰে ৰীগৰ কাষৰীয়া অঞ্চলৰ ৩০০ৰো অধিক লোকক স্থানান্তৰিত কৰিছে আৰু তেওঁলোকক সকলোধৰণৰ সাহায্য আগবঢ়াইছে বুলি তেওঁ প্ৰকাশ কৰে।
তেল আৰু প্ৰাকৃতিক গেছ নিগম, অ’ এন জি চিয়ে শিৱসাগৰ জিলাৰ তৈলক্ষেত্ৰত গেছ নির্গমন ৰোধ কৰাৰ বাবে দেশ-বিদেশৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ী কাম কৰি আছে যদিও পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই।