ডাউনলোড
মোবাইল এপ

android apple
signal

September 14, 2025 7:21 PM | Janmashtami

printer

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সত্ৰ- নামঘৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী উপলক্ষে নাম-প্ৰসঙ্গৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলী, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ আজি পুৱাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে। নামঘৰসমূহত ভকত আৰু আয়তীসকলে নাম-প্ৰসংগ, গীত-নৃত্য অনুষ্ঠানৰ আয়োজন কৰে। মাজুলীৰ ৩৩ খন সত্ৰ আৰু তিনিশৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে বুলি আমাৰ মাজুলীৰ সংবাদদাতাই জনাইছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৃষ্ণ নৃত্য, দিহানাম আদি কাৰ্যসূচী অনুষ্ঠিত হয়।

কোচবিহাৰৰ মধুপুৰ সত্ৰত বিস্তৃত কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হয়। পুৱা ভাগৱত পাঠ আৰু নাম প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়ালৈ ভকতসকলে নাম পৰিবেশন কৰে। বৰপেটা জিলাৰ বিভিন্ন সত্ৰ আৰু নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উলহ মালহেৰে পালন কৰা হৈছে। বৰপেটা সত্ৰত আজি সন্ধিয়াৰ পৰা বিশেষ নাম-প্ৰসঙ্গৰ আয়োজন কৰা হৈছে। পৰম্পৰা অনুসৰি জন্মাষ্টমীৰ দিনটোত বৰপেটা সত্ৰৰ অধীনৰ অঞ্চলৰ কিশোৰী আৰু যুৱতীসকলে দিনটো উপবাসে থাকি মাজনিশা শ্ৰীকৃষ্ণৰ জন্মৰ পাছতেই আহাৰ গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ নুনমাটিৰ শ্যাম মন্দিৰ, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ্ৰীকৃষ্ণ মন্দিৰসমূহত আজি পৰম্পৰাগত ৰীতি-নীতিৰে জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে কোনো অঞ্চলত ভাওনা, শিশু কৃষ্ণৰ সাজপাৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হৈছে। শ্ৰীকৃষ্ণৰ জন্মাষ্টেমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰী হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত পাগলাদিয়া নৈত পৰম্পৰা নাওখেল অনুষ্ঠিত হৈছে। এই নাওখেল প্রতিযোগিতাত বিভিন্ন প্ৰান্তৰ ১৩খন নাৱে অংশগ্ৰহণ কৰে। প্রতিযোগিতাত আলীফ লেইলা নাওখনে প্ৰথম আৰু জোনবাই নামৰ নাওখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰে।