আজি অসম দিৱস। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বৰ্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বার্তা প্ৰকাশ কৰিছে। চাওলুং চ্যুকাফালৈ সন্মান জনাই ৰাজ্য চৰকাৰে ঘোষণা কৰা চৰাইদেউৰ চ্যুকাফা বিশ্ববিদ্যালয় স্বৰ্গদেউ চ্যুকাফাই গঢ়ি তোলা বৰ অসমৰ ভেটি বাস্তৱায়িত কৰাৰ বিনম্র প্রয়াস বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম দিৱস উপলক্ষে ৰাজ্যবাসীক অসমৰ প্ৰথমজন স্বৰ্গদেউৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায় ।
অসম দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিৱসাগৰ জিলাৰ নাজিৰা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্রমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াৰ স্বাৰ্থত সকলোকে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ ভাৱনাৰে একত্ৰিত হ’বলৈ আহ্বান জনায়।
অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী যোগেন মহন, পীযূষ হাজৰিকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে টাই-আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন আৰু আটাছু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ অংশ হিচাপে জলসম্পদ বিভাগৰ মন্ত্রী পীযূষ হাজৰিকাই চাওলুং চ্যুকাফাৰ এটা ২০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ।
অসম দিৱস উপলক্ষে ধেমাজিৰ হাবুঙতো প্ৰথমজন আহোম স্বৰ্গদেউক সুঁৱৰি দিনজোৰা কাৰ্যসূচী হাতত লোৱা হয়। হাবুং উন্নয়ন আৰু পৰিচালনা সমিতিৰ উদ্যোগত টাই আহোম ছাত্ৰ সন্থাই টাই সাহিত্য সভাৰ সহযোগত চ্যুকাফাৰ দ্বিতীয় ৰাজধানীখনত পৰম্পৰাগত টাই আহোম ৰীতি-নীতিৰে পূজা অৰ্চনা আগবঢ়ায়। ইয়াৰ লগতে পুৱা পতাকা উত্তোলন, স্মৃতি তর্পণ আৰু দিনৰ ভাগত মুকলি সভা অনুষ্ঠিত হয়।
একেদৰে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগতো অসম দিৱসৰ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত পালন কৰা হয় ৷