বৰ্তমানলৈ প্ৰায় ১৫ জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছেঃ জয়ন্ত মল্লবৰুৱা

বৰ্তমানলৈ প্ৰায় ১৫ জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, মাজুলী, চৰাইদেউ, গোলাঘাট, ধুবুৰী, হাইলাকান্দি, দৰং আৰু ধেমাজিৰ জিলা আয়ুক্তই নিজৰ এলেকাত এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে নলযোগে বিশুদ্ধ খোৱাপানী যোগান আঁচনি পৰিদৰ্শন কৰে। এই প্ৰচেষ্টাৰ অংশ হিচাপে সাংসদ আৰু বিধায়কসকলক এটাকৈ আঁচনিৰ দায়িত্ব গ্রহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। জলজীৱন মিছনৰ সৈতে জড়িত অভিযন্তাসকলে ইতিমধ্যে এটাকৈ আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে এনেধৰণৰ সামূহিক প্রচেষ্টাই ভৱিষ্যতে পানী ব্যৱহাৰকাৰী সমিতিসমূহক সঠিকভাৱে কাম কৰি যোৱাত সহায় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।