বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্রী পীযূষ হাজৰিকাৰ

কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি দ্বিতীয় খণ্ডত আজি মন্ত্রী পীযূষ হাজৰিকাই বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটো ৪০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, কাছাৰ জিলা বিজেপিৰ সভাপতি ৰূপম সাহা, আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসসহ বহু লোক উপস্থিত থাকে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখন বান মুক্ত কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে। মুখ্যমন্ত্ৰী নিৰ্দেশতে ৰাজ্যৰ জলসম্পদ বিভাগে বিগত চাৰি বছৰত এহেজাৰ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে বৰাক নদীৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্পই জিলাখনক বান মুক্ত কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।