ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ লয়। মুখ্যমন্ত্রীয়ে জিলাখনৰ বানৰ কৱলত পৰা কেইবাটাও এলেকা পৰিদৰ্শন কৰাৰ উপৰি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নর্মাল স্কুল, কেন্দ্রীয় বিদ্যালয়, কচমিক মার্কেট মালিনী বিল, উকিল বজাৰ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু হিৰণপ্রভা দেৱ শিশু মন্দিৰত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বানপীড়িত লোকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰু জিলা আয়ুক্তক যাৱতীয় সামগ্ৰী আৰু চিকিৎসাৰ ক্ষেত্ৰত সহায় নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্রী শর্মাই বৰাক নদীৰ সমীপৱৰ্তী তাৰাপুৰ শিৱবাৰী ৰোডৰ ক্ষতিগ্রস্ত এলেকা পৰিদৰ্শন কৰি প্ৰয়োজনীয় সুৰক্ষামূলক পদক্ষেপ সন্দৰ্ভত জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ সৈতে আলোচনা কৰে।
ড০ শৰ্মাই কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেলতো ভাগ লয়। জিলাখনত সাম্প্রতিক বানত ক্ষতিগ্ৰস্ত হোৱা ১৯ হাজাৰৰো অধিক লোক ৯০টা শিবিৰত আশ্ৰয় লৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই সময়ছোৱাত নিজৰ ঘৰত থাকিবলৈ বিচৰা লোকসকলকো প্রয়োজনীয় সাহায্য দিয়া হৈছে আৰু খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।