ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 11, 2025 12:36 PM | Silchar

printer

বৰাক উপত্যকাৰ পথ প্ৰকল্পসমূহ অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী কৌশিক ৰায়ৰ সংশ্লিষ্ট বিভাগলৈ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ খাদ্য, গ্রাহক পৰিক্ৰমা, খনিজ আৰু বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে কালি কাছাৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীৰায়ে অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথ প্রকল্পসমূহ অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে এন এইচ আই ডি চি এলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত বৰাপানী-পাঁচগ্রাম এক্সপ্ৰেছৱে, শিলচৰ-চুৰাইবাৰী, শিলচৰ-জিৰিবাম, শিলচৰ বাইপাছকে ধৰি কেইবাটাও প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে কেপিটেল পইণ্টৰ পৰা সোণাই ৰোডলৈ পথ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈও নির্দেশ দিয়ে। সভাত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিৰ বিধায়ক, জিলা আয়ুক্ত, প্রশাসনিক বিষয়া আৰু এন এইচ আই ডি চি এলৰ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।