ডাউনলোড
মোবাইল এপ

android apple
signal

August 23, 2024 12:17 PM | CM-Barak Visit

printer

বৰাক উপত্যকাত মুখ্যমন্ত্রীৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি বৰাক উপত্যকাত উপস্থিত হৈ শিলান্যাস, ভূমি পূজনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশ লোৱাৰ লগতে ঢলাই সমষ্টিৰ অন্তৰ্গত বজালেঙাত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ লক্ষীপুৰৰ শিলঘাটত বৰাক নৈৰ ওপৰত প্রস্তাৱিত দলঙৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৮৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া ৩৪০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে জিলাখনৰ যোগাযোগ আৰু পৰিবহন ব্যৱস্থাক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে বৰাক নদীৰ এটা পাৰে চটামামদা-সোণাই পথ হৈ সোণাই আৰু লক্ষিপুৰ টাউন তথা আনটো পাৰে সোণাই-বাছকান্দি পথ হৈ শিলচৰ টাউনৰ মাজত পথ সংযোগ স্থাপন কৰিব। তদুপৰি এই দলংখনে ৰূপায়বালি, ছিঙাৰবন্দ, বিন্নাকান্দি, চটামামদা, গোবিন্দপুৰ, আলগাপুৰ আৰু বাগপুৰৰ পৰা শিলচৰ টাউনলৈ প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব। মুখ্যমন্ত্ৰীয়ে লগতে ঢলাইত আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ ভূমি পূজন কৰাৰ লগতে কেইবাটাও প্রকল্পৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য ৭,৮৬১ বর্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰিবলগীয়া এই আদর্শ স্নাতক মহাবিদ্যালয়খনত ৩৩ টা শ্ৰেণীকোঠা আৰু পাঁচটা প্ৰয়োগশালা সংযোজন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে ৩৫ কোটি টকা ব্যয়ৰে নির্মাণ হ’বলগীয়া মহাবিদ্যালয়খন ৰাজ্যত বিশ্বমানৰ শিক্ষা প্রতিষ্ঠান স্থাপনৰ পদক্ষেপৰ অংশ বুলি উল্লেখ কৰে। তেওঁ কয় যে, ২০২৬ চনৰ ভিতৰত মহাবিদ্যালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। কলা শাখাত পাঠদান হ’বলগীয়া এই মহাবিদ্যালয়খনে বৰাক উপত্যকাৰ শিক্ষা ব্যৱস্থাত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। ঢলাইত আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে ঢলাই সমষ্টিৰ বাবে ১৫ হাজাৰ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে। তদুপৰি ঢলাই প্ৰাথমিক চিকিৎসালয়ত ৫০খন বিছনাযুক্ত চিকিৎসালয় হিচাপে নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পাঁচ কোটি টকা আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, অসম বিশ্ববিদ্যালয় হৈ শিলচৰ বাইপাছটো দুই লেন কৰাৰ লগতে আমৰা ঘাটত ১৪০ মিটাৰ দৈৰ্ঘ্যৰ দলং স্থাপন কৰা হ’ব। তেওঁ পালমঘাটত মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১০ কোটি টকা মঞ্জুৰৰ কথাও ঘোষণা কৰে। পূৰ্বে প্ৰদান কৰা ৪৩ খন আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ প্ৰতিটোতে ২৫ লাখ টকাকৈ প্ৰদান কৰি শিলান্যাস কৰা হৈছে বুলিও তেওঁ কয়। আনহাতে ১১খন চাহবাগিচাত পথ নিৰ্মাণৰ বাবে এক কোটি টকাকৈ প্ৰদান কৰাৰ লগতে প্ৰতিখন চাহ বাগিচাত এটাকৈ জগন্নাথ মন্দিৰ স্থাপন কৰাৰ পদক্ষেপ হাতত লৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী দুৱাৰবন্দত চিকিৎসালয় নিৰ্মাণৰ কথা ঘোষণা কৰাৰ লগত ভূবন তীৰ্থৰ পথ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা গ্রহণ কৰা হ’ব বুলিও কয়। ড° শৰ্মাই কালি টাটা ন্যাসৰ সৌজন্যত শিলচৰত স্থাপন হোৱা কাছাৰ কেন্সাৰ কেয়াৰ হাস্পতালখন পৰিদৰ্শন কৰি তাত থকা বিভিন্ন ব্যৱস্থাৰ বুজ লয়। চিকিৎসালয়খনৰ সম্প্ৰসাৰণ আৰু অধিক উন্নতিকল্পে চৰকাৰে কেনে ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব পাৰে সেই সম্পর্কেও মুখ্যমন্ত্ৰীয়ে পদ্মশ্ৰী ডাঃ ৰবি কান্নানৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে অসম বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰে। কালিৰ এই কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদদ্বয় পৰিমল শুক্লবৈদ্য, কৃপানাথ মাল্লাৰ লগতে বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক