বৰাক উপত্যকাত শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে বিচ্ছিন্ন হৈ পৰিছে। পাহাৰ লাইনৰ জাতিংগা-লামপুৰ অংশৰ ৰে’ললাইনত হোৱা ভূমিস্খলনৰ বাবে সকলো ৰে’লসেৱা বাতিল কৰি দিয়াত উপত্যকাটোৰ জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগতে শিলচৰ-কালাইন পথৰ হাৰাং দলং ভাগি পৰাৰ বাবে ৰে’ল আৰু পথ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এনে পৰিস্থিতিত আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনৰ নথি পৰীক্ষণ আৰু মৌখিক পৰীক্ষাত বৰাক উপত্যকাৰ প্ৰাৰ্থীসকল উপস্থিত থকাটো অসম্ভৱ হৈ পৰিছে। সেয়ে উপত্যকাটোৰ প্ৰাৰ্থীসকলৰ বাবে পৃথককৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অঞ্চলটোৰ প্ৰাৰ্থীসকলক এই বিশেষ সুযোগ প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক মন্ত্রী কৌশিক ৰয়ে ধন্যবাদ জ্ঞাপন কৰিছে।
Site Admin | June 24, 2025 12:11 PM | Akashvani Guwahati | CMO Assam | Landslide Barak
বৰাক উপত্যকাত ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে বিচ্ছিন্ন
