● ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰৰ ৰংগীৰখাৰি বঁটাৰীত এখন জনসভাত অংশ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব। বৰাক উপত্যকাৰ হিন্দু-বঙালী সম্প্ৰদায়ৰ সম্পূৰ্ণ সুৰক্ষা তথা সামগ্ৰীক বিকাশৰ দিশত ৰাজ্য চৰকাৰে কাম কৰি যাব বুলিও ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰংগীৰখাৰিলৈ ৭০০ কোটি টকা ব্যয় সাপেক্ষে এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ বাবে ভূমি অধিগ্রহণ সম্পৰ্কীয় কামকাজত সম্পূর্ণ সহযোগিতা আগবঢ়াবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। ড০ শৰ্মাই কাছাৰ জিলাৰ উধাৰবন্দ আৰু লক্ষীপুৰৰ ১৯ খন গাঁও ডিমা হাচাওৰ সৈতে সংযুক্ত কৰাৰ বিষয়ত কেৱল চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে। দুদিনীয়া ভ্রমণসূচীৰে বৰাকলৈ যোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি উধাৰবন্দৰ কাঁছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাঁছাকান্তি বিদ্যামন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি ঘুংগুৰৰ মেহেৰপুৰ ৰিং ৰোড পইণ্টত চিপাহী বিদ্ৰোহৰ অমৰ ছহিদ মংগল পাণ্ডেৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিও উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ চিপাহী বিদ্রোহত বৰাক উপত্যকাৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মহাক্রান্তিকাৰী মংগল পাণ্ডে, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ আৰু এক্সপ্ল’ৰিং দ্য ভিজন অব পণ্ডিত দীনদয়াল উপাধ্যায় শীর্ষক তিনিখন গ্ৰন্থ উন্মোচন কৰে। ড০ শৰ্মাই ৰাজ্যত শেহতীয়াকৈ অবৈধ বাংলাদেশী নাগৰিক তথা ৰোহিংগীয়াসকলক আটক কৰি পুনৰ ওভতাই পঠোৱাৰ সন্দৰ্ভত সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সম-জিলাত নৱনিৰ্মিত মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। তেওঁ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীতো অংশ ল’ব।