বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুর্গাপূজাৰ মহা অষ্টমী উপলক্ষে আজি পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হৈছে। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আজি দেৱীক মহাষ্টমীত মহা গৌৰীৰ ৰূপত পূজা কৰা হৈছে। বৰপেটা ৰোডৰ বিভিন্ন পূজাথলীত আজি মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ দক্ষিণ প্ৰান্তৰ দক্ৰেশ্বৰ দেৱালয়, বৰপেটাৰোডৰ দুৰ্গাবাৰী কালীবাৰী পূজা আৰু শিৱবাৰীকে ধৰি বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। হাউলীৰ আনন্দ বজাৰৰ জনকল্যাণ সমিতিৰ পূজা মণ্ডপে এইবাৰ ৰাইজক বিশেষভাৱে আকৰ্ষণ কৰিছে। তেওঁলোকে জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মণ্ডপ নিৰ্মাণ কৰিছে। কোকৰাঝাৰ জিলাৰ অর্ধ শতাধিক পূজা মণ্ডপত আজি পৰম্পৰাগত ৰীতি-নীতিৰে মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। সকলো মণ্ডপতে প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪৩ খন ঠাইত শাৰদীয় দুর্গাপূজা অনুষ্ঠিত হৈছে।
Site Admin | September 30, 2025 8:53 PM | Durga Puja 2025
বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ আন জিলাসমূহতো মহা অষ্টমী উপলক্ষে অগণন ভক্তৰ সমাগম
