ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 15, 2025 8:16 PM | CM vigilance raid

printer

বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া নুপূৰ বৰাৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ সুৰজিত ডেকা নামৰ এজন লাট মণ্ডলৰ দঙৰকুছিৰ বাসগৃহত গুৱাহাটীৰ পৰা যোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে আজি তালাচী চলায়। অভিযানকাৰী দলটোৱে ডেকাক লগত লৈ বৰপেটা ৰাজহ চক্ৰ বিষয়াৰূপে এসময়ত কাৰ্যনিৰ্বাহ কৰা কামৰূপৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপূৰ বৰাৰ ভাৰাঘৰতো অভিযান চলায়। বৰপেটা নগৰৰ শ্ৰীকামাৰ পথত থকা ভাৰাঘৰটোত চলোৱা অভিযানত প্ৰায় চাৰে ১০ লাখ টকা আৰু নথিপত্ৰ উদ্ধাৰ কৰে বুলি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযানকাৰী দলৰ বিষয়াই প্ৰকাশ কৰে। উল্লেখযোগ্য যে বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নুপূৰ বৰাই বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। নুপূৰ বৰাৰ সহযোগী হিচাপে লাট মণ্ডল ডেকাই ভূমি সংক্রান্তীয় বিভিন্ন জালিয়াতি কৰাৰো অভিযোগ উত্থাপন হৈছে। সেই সূত্রে নুপূৰ বৰাৰ গুৱাহাটীৰ বাসভৱনৰ সমান্তৰালকৈ বৰপেটাত থকা তেওঁৰ ভাৰাঘৰ আৰু সহযোগী লাট মণ্ডল ডেকাৰ বিৰুদ্ধে এই অভিযান চলে। নুপূৰ বৰাৰ গুৱাহাটীৰ বাসগৃহত চলা অভিযানত নগদ ১ কোটি টকা আৰু সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। বিষয়াগৰাকীৰ ওপৰত বহু দিনৰ পৰা নজৰ ৰখা হৈছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে। ড০ শৰ্মাই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।