ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বৰপেটাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

বৰপেটা জিলাৰ বৈষ্ণৱ ঐতিহ্যৰ সংৰক্ষণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে আজি এই উপলক্ষে বৰপেটাৰ শ্ৰীশ্ৰীপাটবাউসী সত্ৰত আয়োজিত এটা কাৰ্যসূচীত অংশ ল’ব। মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে পাটবাউসী সত্ৰৰ শ্ৰীশ্ৰীশংকৰদেৱ থানত নিৰ্মাণ কৰা সংগ্ৰহালয়টো মুকলি কৰিব। তেওঁ লগতে সত্ৰখনৰ দেৱ দামোদৰ গুৰুৰ আদিধাম, চূণপোৰা ভিঠি থান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বৰপেটাত পৰ্যটন আৰু তীৰ্থ ভ্ৰমণৰ সুবিধাৰ বিকাশৰ উপৰি সবল আন্তঃগাঁথনিৰ নিয়োগ আৰু ৰাজহ সৃষ্টিৰ উদ্দেশ্যে এই প্রকল্পসমূহৰ নিৰ্মাণৰ দিহা কৰা হৈছে। আজি অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাসৰ উপৰি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।