January 5, 2025 7:11 PM | Barpeta District

printer

বৰপেটাত অনন্তৰাম দাসৰ স্মৃতিত বঁটা প্ৰদান

দিব্যাংগ হৈও শাৰীৰিক প্ৰতিবন্ধকতাত নেওচি সাহিত্য সাধনাৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়াই যোৱা অনন্তৰাম দাসৰ ৯৭ সংখ্যক জন্মদিন উপলক্ষে আজি বৰপেটাত তেওঁৰ স্মৃতিত আগবঢ়োৱা বঁটাসমূহ প্ৰদান কৰা হয়। বৰপেটা সাহিত্য সভাৰ অম্বিকাগিৰি বাণীকান্ত ভৱনত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত অভিনেতা পৰিচালক প্রমোদ দাসক এই বঁটা প্ৰদান কৰা হয়। এই সভাতে অনন্তৰাম দাস স্মৃতি প্ৰকাশনৰ পৃষ্ঠপোষক জ্ঞানদা বালা স্মৃতিত লোকশিল্পী কণিকা দাসক বঁটা প্ৰদান কৰা হয়। একেদৰে অভিনেত্ৰী দেৱযানী গায়নক নিভাৰাণী দাস স্মৃতি বঁটা প্ৰদান কৰা হয়। নিজৰ ভাষণত সভাপতি শ্ৰীমিশ্ৰই অনন্তৰাম দাসৰ সৃষ্টিৰ বিষয়ে জনমানসত প্ৰচাৰ কৰাৰ বাবে স্মৃতি প্রকাশনক ধন্যবাদ জ্ঞাপন কৰে।