ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত নৱনিৰ্মিত দ্বিতীয়টো টার্মিনেল ভৱনলৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা, ২০২৫

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত নৱনিৰ্মিত দ্বিতীয়টো টার্মিনেল ভৱনলৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা, ২০২৫ আগবঢ়োৱা হৈছে। পৰিবহণ শিতানত টার্মিনেল ভৱনটোৱে এই স্বীকৃতি লাভ কৰিছে। বিমান বন্দৰটোৱে অলংকৰণ আৰু সাংস্কৃতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয় টার্মিনেল ভৱনটো নিৰ্মাণত বাঁহ আৰু কপৌ ফুলৰ নমুনা সংগ্ৰহ কৰা হৈছে। অসমৰ জৈৱ বৈচিত্ৰ পৰম্পৰাক ভৱনটোৰ ৰূপ আৰু আৰ্হিৰ সৈতে সংলগ্ন কৰি ন-ৰূপত প্ৰদৰ্শন কৰা হৈছে। ১.৪০ লাখ বর্গমিটাৰ এলেকাজোৰা নৱনিৰ্মিত দ্বিতীয়টো টার্মিনেল ভৱনত বাৰ্ষিক যাত্ৰীৰ ক্ষমতা ১.৩ কোটিলৈ বৃদ্ধি পাব। বৰ্তমানৰ টার্মিনেলৰ তুলনাত এই ক্ষমতা ৬ গুণলৈ বৃদ্ধি পাব। বিমান যাত্ৰীসকলৰ সুবিধাৰ বাবে নতুন টার্মিনেল ভৱনটোত ই-গেট ব্যৱস্থাৰ লগতে অত্যাধুনিক সা- সুবিধা সংলগ্ন কৰা হৈছে। দুহেজাৰ কোটি টকা ব্যয়সাপেক্ষে বিমান বন্দৰটোৰ দ্বিতীয়টো টার্মিনেল ভৱনৰ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। নৱনিৰ্মিত টার্মিনেল ভৱনটো চলিত বৰ্ষৰ নৱেম্বৰত মুকলি হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্রকাশ কৰিছে।