ডাউনলোড
মোবাইল এপ

android apple
signal

June 13, 2025 8:15 PM | Assam Weather

printer

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত চলি থকা অতিপাত গৰম আৰু আৰ্দ্ৰ পৰিবেশৰ পৰা ৰাইজে পৰৱৰ্তী ৪৮ ঘণ্টাত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজি নিশাৰ ভাগলৈ গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত গাজনি ধেৰেকনিৰে মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কেইবাদিনো ধৰি বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰৰ আগলি বতৰাত কোৱা হৈছে। আজি ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড়ত সর্বোচ্চ ৩৮ দশমিক ৭ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতা ৰেকৰ্ড কৰা হয়। যোৰহাট, লখিমপুৰ আৰু মাজবাটত ৩৮ দশমিক ২ ডিগ্ৰী আৰু ৰঙিয়াত ৩৮ ডিগ্ৰী ছেণ্টিগ্রেড তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। গুৱাহাটীৰ দিশপুৰ আৰু ইয়াৰ চুবুৰীয়া অঞ্চলত আজি সর্বোচ্চ তাপমাত্রা ৩৭ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্রা ২৮ ডিগ্ৰী ছেণ্টিগ্ৰেড ৰেকৰ্ড কৰা হয়।