ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰে অহা ৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ’ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰত প্ৰকাশ পাইছে যে, ৯ অক্টোবৰত মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিছন ২০৩৫ৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এয়া হৈছে ১০ বছৰীয়া এক সময় নিৰ্ধাৰিত কাৰ্যসূচী আৰু পদক্ষেপ, যাৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু শক্তি, স্বাস্থ্য, শিক্ষা আৰু জনসম্পৰ্কক অগ্ৰাধিকাৰ দিয়া হৈছে। দুয়োগৰাকী নেতাই ব্যৱসায়িক আৰু উদ্যোগীক ক্ষেত্ৰৰ নেতৃস্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপত মিলিত হ’ব। ইয়াৰ জৰিয়তে ভাৰত আৰু ব্ৰিটেইনৰ অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত আলোকপাত কৰা হ’ব। দুয়োগৰাকী নেতাই পৰস্পৰ স্বাৰ্থৰ্জৰিত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত ভাব বিনিময় কৰিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে মুম্বাইত হ’বলগীয়া গ্লোবেল ফিনটেক ফেষ্টৰ ষষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰিব। তেওঁলোকে ঔদ্যোগীক বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ সৈতেও বাৰ্তালাপ কৰিব। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু ব্ৰিটেইনৰ মাজত সু-সম্পৰ্ক স্থাপন কৰিব বুলি আশা কৰা হৈছে ৷
Site Admin | October 5, 2025 11:15 AM | UK Prime Minister India Visit
ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ ৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব
