ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টীৰ জয়ৰ বাবে নতুনকৈ প্ৰধানমন্ত্রী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রীমোদীয়ে কয় যে, ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে আগ্ৰহেৰে বাট চাইছে। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্রহী বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাত সক্ৰিয় ভূমিকা লোৱা ৰিছি ছুনাককো কৃতজ্ঞতা জনায়৷
ষ্টাৰমাৰৰ এই জয়লাভৰ ফলত ব্ৰিটেইনত ট’ৰি দলৰ ১৪ বছৰীয়া শাসনৰ অৱসান হ’ল। এই নিৰ্বাচনত লেবাৰ পার্টীয়ে ৪১২ খন আসন লাভ কৰাৰ বিপৰীতে কনজাৰভেটিভ পাৰ্টী ১২১ খন আসনত জয়ী হয়। প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমটো ভাষণত ষ্টাৰাৰে দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থাক উন্নত কৰাৰ বাবে ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে। লগতে দেশৰ সীমান্ত অঞ্চল সুৰক্ষিত কৰি তোলা, বিদ্যালয় আৰু বাসগৃহৰ প্রয়োজন অনুসৰি ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে৷ ছাৰ কেইৰ ষ্টাৰমাৰে এঞ্জেলা ৰেইনাৰক উপ-প্রধানমন্ত্রী আৰু ৰাছেল ৰিভচক দেশৰ প্ৰথমগৰাকী মহিলা ছেঞ্চলৰ হিচাপে নিযুক্তি দিয়ে। তেওঁৰ মন্ত্ৰীসভাৰ ২৫ গৰাকী সদস্যৰ ১১ গৰাকী হৈছে মহিলা। য়েটে কুবাৰক গৃহসচিব ডেভিদ লাম্মিক গৃহ সচিব আৰু জন হেলিক প্ৰতিৰক্ষা সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।