July 8, 2025 8:30 PM | PM in Brazil

printer

ব্ৰাছিলিয়াত ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ লুলা ডা চিলভাৰ প্ৰধানমন্ত্ৰী মোদীৰে প্ৰতিনিধি পৰ্যায়ৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ব্রাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত দেশখনৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ লুলা ডা চিলভাৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হব। এই আলোচনাত বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্রযুক্তি, কৃষি, স্বাস্থ্য আৰু জনসম্পর্ককে ধৰি পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ে স্থান লাভ কৰিব । আলোচনাৰ অন্তত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
ব্রাজিলৰ ৰিঅডি জেনেৰিঅত অনুষ্ঠিত দুদিনীয়া ব্ৰীক্‌ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱানিশা দেশখনৰ ৰাজধানী ব্ৰাছিলিয়াত উপস্থিত হয়। ব্রাছিলিয়াত তেওঁক ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰী জ’ছ মুছিঅমণ্টেৰিঅফিলহ’ই বিমান বন্দৰত আদৰণি জনায়। বিমান বন্দৰত অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক পৰম্পৰাগত ব্রাজিলিয়ান চাম্বা নৃত্যৰে সম্ভাষণ জনোৱা হয়। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী মোদীয়ে কয়, যে বাটালা মুডনামৰ সংগীত গোষ্ঠীটোৱে পৰিৱেশন কৰা এই নৃত্য-সংগীতৰ অনুষ্ঠানে আফ্রিকীয়-ব্রাজিলিঅ’ সংগীতক গোলকীয় পৰিচয় দিবলৈ সমৰ্থ হৈছে। শ্ৰী মোদীয়ে এই আদৰণিক স্মৰণীয় হিচাপে বৰ্ণনা কৰি শিপাৰ সৈতে প্ৰবাসী ভাৰতীয়সকলে ৰক্ষা কৰি অহা সংযোগক প্ৰশংসা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।