December 11, 2025 7:57 PM | Drawn in Brahmaputra

printer

ব্ৰহ্মপুত্ৰত সন্ধানহীন ৫ জন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত কালি বিয়লি সন্ধানহীন হোৱা ৫ জন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে আজি পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাট, উমানন্দ, ফাঁচী বজাৰ আৰু শুৱালকুছি পর্যন্ত লোককেইজনৰ সন্ধানত অভিযান চলায় যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সমৰ্থ নহ’ল। উল্লেখযোগ্য যে উদ্ধাৰকাৰী দলে লোককেইজনৰ সন্ধানত কালি বিয়লিৰে পৰা নাৱেৰে অভিযান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্ৰতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্ৰহ্মপুত্ৰত উটি যোৱা বুলি সন্দেহ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।