October 23, 2024 7:35 PM | Indo-China

printer

ব্রিকছ শীর্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্রিকছ শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে চীনৰ ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্য্যালোচনা চলায়। প্রধানমন্ত্ৰীৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয় যে, বৈঠকত শ্রীমোদীয়ে মতানৈক্যই সম্পর্ক ব্যাহত কৰিব নালাগে বুলি মন্তব্য কৰে। তেওঁ কয় যে, দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ প্ৰতি সন্মান জনাবলৈ সন্মতি প্রকাশ কৰিছে। দুয়োখন দেশে সীমান্ত এলেকালৈ শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰ বাবে কৌশলগত যোগাযোগ বৃদ্ধিৰ সপক্ষে মত পোষণ কৰিছে বুলি বিদেশ সচিবগৰাকীয়ে মন্তব্য কৰে।