ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনা

ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে যোৱা নিশা ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। এই আলোচনাত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিষয়ে ঠাই পায়। ৰাছিয়াৰ বিত্তমন্ত্ৰী এণ্টন চিলৱেনভৰ সৈতে হোৱা বৈঠকত শ্ৰীমতী সীতাৰমনে নতুন বিকাশ বেংকৰ সৈতে জড়িত বিষয়ৰ উপৰি বিশেষকৈ অৰ্থনৈতিক খণ্ডৰ দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত মত বিনিময় কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে চীনৰ বিত্তমন্ত্ৰী লান ফৱানকো সাক্ষাৎ কৰে। তেওঁ কয়, যে ভাৰত আৰু চীনে গোলকীয় বিকাশ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ সম্ভাৱনা আছে। শ্ৰীমতী সীতাৰমনে এই আলোচনাত কয়, যে দুয়োখন দেশে বিস্তৃত এলেকাত সহযোগিতা বৃদ্ধিৰ বাবে কাম কৰিব
পাৰে।
ব্রাজিলৰ বিত্তমন্ত্ৰী ফার্নাণ্ডো হাদ্দাদৰ সৈতে হোৱা বৈঠকত তেওঁ দক্ষিণ-দক্ষিণ সহযোগিতা, গ্লোৱেল ছাউথৰ কণ্ঠ সূদৃঢ় কৰা, জলবায়ু পুঁজি আদি যৌথ স্বার্থজড়িত বিষয়ৰ উপৰি ৰাষ্ট্ৰসংঘ জি টুৱেণ্টি ব্ৰীকচ্ আৰু বিশ্ব বাণিজ্য সংস্থা দৰে গোলকীয় মঞ্চৰ সন্দৰ্ভত কথা পাতে।