ডাউনলোড
মোবাইল এপ

android apple
signal

July 30, 2025 12:33 PM | Table Tennis

printer

ব্রাজিলত আজিৰে পৰা ডব্লিউ টি টি ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ

ব্রাজিলৰ ফজ ড’ ইগোৱাছ’ত আজিৰে পৰা চলিত বৰ্ষৰ ডব্লিউ টি টি ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হ’ব। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত মানৱ থক্কৰ, হৰমিত দেশাই, মনুছ শ্বাহ, স্নেহিত ছুৰাভাজ্জ্বলা, পায়ছ জৈন আৰু অংকুৰ ভট্টাচার্যীয়ে দেশক প্রতিনিধিত্ব কৰিব। মহিলাৰ ছিংগলছত আগশাৰীৰ মণিকা বাঢ়াৰ উপৰি ঐহিকা মুখার্জী, দিয়া ছিতালে, য়শস্বীনী ঘোৰপাড়ে আৰু স্বস্তিকা ঘোষে দেশৰ প্ৰত্যাখাৰ ভৰ বহন কৰিব। পুৰুষৰ ডাবলছত মানৱ থক্কৰ আৰু মনুছ শ্বাহ, পায়ছ জৈন আৰু অংকুৰ ভট্টাচাৰ্যী আৰু হৰমিত দেশাই আৰু স্নেহিত ছুৰাভাৰ্জ্জুলাই দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। ইপিনে মহিলাৰ ডাবলছ দিয়া ছিতালে আৰু য়শস্বীনী ঘোৰপাড়েৰ যুটীটোৱে দেশলৈ সুনাম কঢ়িয়াই অনাৰ প্ৰয়াস কৰিব। প্রতিযোগিতাৰ মিক্সড ডাবলছ শিতানত ভাৰতৰ হৈ দুটা দল অৱতীৰ্ণ হ’ব। ইয়াৰে প্ৰথমটো দলত দিয়া ছিতালে আৰু মনুছ শ্বাহ আৰু দ্বিতীয়টো দলত হৰমিত দেশাই আৰু য়শস্বীনী ঘোৰপাড়ে আছে।

অধিক পঢ়ক

সকলো চাওক