ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা কাৰ্যকৰী হ’ব বুলি তেল ব্যৱসায়ীক কোম্পানীসমূহে কালি প্ৰকাশ কৰিছে। এই অনুসৰি দিল্লীত ১৯ কিল’গ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ মূল্য এতিয়াৰে পৰা এহেজাৰ পাঁচশ আশী টকা হ’ব। অৱশ্যে ১৪ দশমিক ২ কিল’গ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত আছে। এই মূল্য হ্রাসে দেশৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে তেল ব্যৱসায়ীক কোম্পানীসমূহে জুন মাহত প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য ২৪ টকাকৈ হ্ৰাস কৰিছিল। বিশেষজ্ঞসকলৰ মতে, চিলিণ্ডাৰৰ মূল্য হ্রাসে ৰেষ্টুৰেণ্ট, হোটেল আৰু অন্য ব্যৱসায়িক প্রতিষ্ঠানসমূহক উপকৃত কৰিব। নিয়মীয়া মাহেকীয়া পুনৰীক্ষণৰ অংশ হিচাপে বিশ্বৰ খনিজ তেলৰ মূল্য আৰু বজাৰ নিৰ্ভৰ অন্যান্য কাৰকৰ ওপৰত ভিত্তি কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যৰ হ্ৰাস-বৃদ্ধি কৰা হয় ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।