ব্যক্তিগত এফ এম চেনেলৰ অনুজ্ঞাপত্ৰৰ বাবদ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ১৯৬.২৮ কোটি টকা উপাৰ্জন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ ব্যক্তিগত এফ এম চেনেলৰ অনুজ্ঞাপত্ৰৰ বাবদ ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ১৯৬ কোটি ২৮ লাখ টকা উপাৰ্জন কৰে। এই পৰিমাণ যোৱাটো বিত্তীয় বছৰৰ তুলনাত প্ৰায় ১০ কোটি টকা অধিক। ইয়াৰ বিপৰীতে মন্ত্ৰালয়ে ডি টি এইছ অর্থাৎ‍ ডাইৰেক্ট টু হোম টেলিভিছন সেৱাৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ৬৪৮ কোটি ৭৩ লাখ উপাৰ্জন কৰে। এই পৰিমাণ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তুলনাত প্রায় ১৩ কোটি কম হয়। চৰকাৰী সূত্রই নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি ভাৰত কোষ প’ৰ্টেলৰ যোগেদি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোৱাটো বিত্তীয় বছৰত এহেজাৰ ১২ কোটি ৩৯ লাখ টকা উপার্জন কৰে। চৰকাৰী বিজ্ঞপ্তিখনত কোৱা হৈছে যে ২০২৫ বৰ্ষত দেশত থকা ডীডী ফ্রী ডিছ, ডিছ টিভি, এয়াৰটেল ডিজিটেল টিভি, টাটা প্লে আৰু ছান ডাইৰেক্ট ডি টি এইছ সেৱাৰ গ্ৰাহকৰ সংখ্যা ৫ কোটি ৬৯ লাখলৈ হ্ৰাস পাইছে। ২০২০ চনত দেশত ডি টি এইছ সেৱা গ্ৰহণ কৰা গ্ৰাহকৰ সংখ্যা ৭ কোটি ২৬ লাখৰ পৰা এই সময়ছোৱাত প্ৰায় ২ কোটি ২৬ লাখ হ্ৰাস পাইছে। দেশত ইণ্টাৰনেট টেলিভিছনৰ প্ৰসাৰ আৰু মোবাইল ফোনৰ জৰিয়তে টেলিভিছন চেনেল উপলব্ধ হোৱাৰ বাবেই ডি টি এইছৰ গ্ৰাহকৰ সংখ্যা দ্রুতগতিত হ্ৰাস পাইছে বুলি কোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।