November 13, 2025 8:32 PM | Prez in Botsowana

printer

বোটছোৱানাত প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি বোটছোৱানা প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতিয়ে অলপতে দিল্লীত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানত এই আক্ৰমণত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌনতা অৱলম্বন কৰা হয়। ৰাষ্ট্ৰপতিয়ে প্রবাসী ভাৰতীয়সকলক দুয়োখন দেশৰ মাজৰ বন্ধুত্বৰ জীৱন্ত সেতু বুলি অভিহিত কৰে আৰু বোটছোৱানাত বাস কৰা ভাৰতীয় মূলৰ ১০ হাজাৰ লোকৰ দেশখনৰ অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ভূয়সী প্রসংশা কৰে। তেওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰমৰ বলত বোটছোৱানাৰ সমাজৰ সন্মানজনক স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৰে দেশখনত ভাৰতৰ গৌৰবোজ্জ্বল প্রতিনিধি হোৱাৰ বাবে তেওঁলোকক অভিনন্দন জনায়। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠান কৰাৰ বাবে ভাৰত সম্প্ৰতি পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু প্ৰবাসী ভাৰতীয়সকলো এই বিকাশ যাত্ৰাৰ অবিচ্ছেদ্য অংগ। তেওঁ কয়, যে তেওঁলোকৰ সাফল্য ভাৰতৰ বাবে গৌৰৱৰ বিষয় আৰু তেওঁলোকৰ সফলতাই ভাৰতৰ মৰ্যাদা বৃদ্ধি কৰে। তেওঁ লগতে ভাৰত বোটছোৱানা সম্পৰ্কৰ ক্ষেত্ৰত অৱদান আগবঢ়াই যাবলৈ ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনায়।