ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 9, 2025 7:02 PM | Katra

printer

বৈষ্ণুদেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ শিবিৰ কাটৰাত সুৰা আৰু আমিষ খাদ্য বিক্রী, সেৱনত পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা দুমাহৰ বাবে পুনৰ বৃদ্ধি

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত থকা বৈষ্ণুদেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ শিবিৰ কাটৰাত সুৰা আৰু আমিষ খাদ্য বিক্রী তথা মজুত ৰখা আৰু সেৱন কৰাত পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা দুমাহৰ বাবে পুনৰ বৃদ্ধি কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্রহণ কৰিছে। এই নিৰ্দেশ অনুসৰি কাটৰাৰ পৰা ত্ৰিকুটা পাহাৰৰ পবিত্র গুহালৈ যোৱা ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহতো এই নিষেধাজ্ঞা বলবৎ কৰা হ’ব। প্ৰশাসনে জনোৱামতে সমগ্ৰ পথছোৱাৰ দুয়োকাষে দুই কিলোমিটাৰ পৰ্যন্ত দূৰত্বৰ গাঁৱতো এই নিষেধাজ্ঞা প্রযোজ্য হ’ব।