বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ স্বৰূপ ভাৰতৰ এখন প্ৰতিবেশী দেশ আছে আৰু স্বাধীনতাৰ পিছৰে পৰাই ভাৰতে সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে। বৈদেশিকমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত দিয়া ভাষণত এইকথা উল্লেখ কৰে। ড০ জয়শংকৰে কয়, যে দশক দশক ধৰি সংঘটিত হৈ থকা সন্ত্ৰাসবাদীৰ বৃহৎ আক্রমণসমূহ সেইখন দেশৰ পৰাই সংঘটিত হৈ আহিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰসংঘৰ নির্দিষ্ট তালিকাত থকা সন্ত্ৰাসবাদীৰ নামসমূহ সেই দেশখনৰ নাগৰিকেৰে ভৰি আছে। ভাষণ প্ৰসংগত তেওঁ চলিত বৰ্ষৰ এপ্ৰিল মাহত পেহেলগামত নিৰীহ পৰ্যটকৰ হত্যাৰ উদাহৰণ দাঙি ধৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্রতি সন্ত্ৰাসবাদ সমগ্ৰ বিশ্বৰ বাবেই ভাবুকিৰ কাৰক হৈ পৰিছে আৰু সেয়ে এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা থকাটো অতি প্রয়োজনীয় বিষয়। ভাষণত বিশ্ব অর্থনিতীৰ প্ৰসংগ উত্থাপন কৰি ড০ জয়শংকৰে কয় যে সমগ্ৰ বিশ্বতে এতিয়া শুল্কৰ অস্থিৰতা আৰু অনিশ্চিত বজাৰ ব্যৱস্থা দেখিবলৈ পোৱা গৈছে। তেওঁ কয় যে এখন আশংকামুক্ত বজাৰ এতিয়া সকলোৰে বাবে কাম্য। ড০ জয়শংকৰে কয় যে ভাৰতে সদায় নিজৰ পছন্দৰ স্বাধীনতা বৰ্তাই ৰাখিব আৰু সদায় গ্ল’বেল চাউথৰ কণ্ঠস্বৰ হৈ থাকিব। তেওঁ কয় যে ভাৰতে নিজৰ জনসাধাৰণক সুৰক্ষা দিয়াৰ লগতে দেশ-বিদেশৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে দৃঢ়প্রতিজ্ঞ।
Site Admin | September 28, 2025 12:11 PM | Dr. S Jaysankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে স্বাধীনতাৰ পিছৰে পৰাই সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে