ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 20, 2025 7:22 AM | Dr. S Jaishankar

printer

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মৰ্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্রমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ জয়শংকৰৰ অংশগ্রহণে জি-২০ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গ্লৱেল চাউথ ৰূপে পৰিচিত অর্থনীতি আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলক ভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ কন্ঠ সুদৃঢ় কৰিব। ড০ জয়শংকৰে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাগ লোৱাৰ আপাহতে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো মিলিত হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।