ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 3, 2024 8:12 PM | Jaishankar

printer

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ চৰকাৰী কাৰ্যসূচীৰে কাইলৈ শ্ৰীলংকা ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চৰকাৰী কাৰ্যসূচীৰে কাইলৈ শ্ৰীলংকা ভ্ৰমণ কৰিব। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়াকে বিগত সপ্তাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষী সম্পর্ক সুদৃঢ় কৰাৰ বাবে এয়া হ’ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। ড০ জয়শংকৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰীপতিগৰাকীৰ লগতে প্রধানমন্ত্ৰী ড০ হাৰিনি আমাৰাছুৰীয়াক সাক্ষাৎ কৰিব। তেওঁ লগতে শ্ৰীলংকাৰ বিদেশ মন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক প্ৰতিফলিত কৰি দ্বীপ ৰাষ্ট্ৰখনক সহায়ৰ প্ৰতি থকা ভাৰতৰ দায়বদ্ধতাক পুনৰ প্ৰতিষ্ঠা কৰিব। ইয়াৰ উপৰি দুয়োখন দেশৰ মাজত দীৰ্ঘদিন ধৰি অব্যাহত থকা পাৰস্পৰিক বিষয়সমূহ সুদৃঢ় কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।