বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে লাক্সেমবার্গ ভাৰতৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু ফিনটেক, মহাকাশ আৰু কৃত্রিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতা বৃদ্ধিৰ অপাৰ সম্ভাৱনা আছে। ছদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু লাক্সেমবার্গলৈ যোৱা ড০ জয়শংকৰে লাক্সেমবার্গ ভ্ৰমণৰ সময়ত এইবুলি মন্তব্য কৰে। এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে দেশখনৰ প্রধানমন্ত্রী ল্যুক ফ্ৰিডেন আৰু উপ-প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী জেভিয়াৰ বেট্টেলৰ সৈতে বৈঠকত মিলিত
হয়।
ড০ জয়শংকৰে কয়, যে লাক্সেমবার্গ কেৱল এখন দ্বিপাক্ষিক সহযোগী ৰাষ্ট্ৰই নহয় বৰং ইউৰোপীয় সংঘৰ সৈতে বিশেষকৈ ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দেশখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই সাক্ষাতৰ সময়ত বিত্তীয় সেৱা, বিনিয়োগ, প্রযুক্তি, ডিজিটেল সেৱা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত উভয় দেশৰ মাজৰ বৰ্ধিত সহযোগিতাক লৈ আলোচনা কৰা হয়। তেওঁ লগতে ভাৰত-ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্বন্ধ গঢ়ি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়-সমৰ্থৰ বাবে প্রধানমন্ত্রী ল্যুকক ধন্যবাদ জ্ঞাপন কৰে। ড০ জয়শংকৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁলোকক অভিনন্দন জনায়। এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে লাক্সেমবার্গত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰাৰ কথা আছে।
Site Admin | January 7, 2026 12:32 PM | S Jaishankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লাক্সেমবার্গ ভ্ৰমণ