বেষ্ট ইন্ডিজৰ ভাৰতৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ

বেষ্ট ইন্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত আজি তৃতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ কৰে। খেল সামৰাৰ পৰত ছাই হ’পে ৬৬ আৰু জন কেম্পবেলে ৮৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বেষ্ট ইন্ডিজ ৮টা উইকেট আউট হ’বলৈ বাকী থকা অৱস্থাত ভাৰততকৈ সামগ্রিকভাৱে ৯৭ ৰাণত পিচ পৰি আছে। ইয়াৰ পূর্বে ৱেষ্ট ইণ্ডিজে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৪৮ ৰাণ কৰিবলৈ সমর্থ হয় আৰু দলটো ফল’অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ কুলদীপ যাদবে ৫ টা, ৰবীন্দ্র জাদেজাই তিনিটা আৰু মহম্মদ চিৰাজ আৰু যশপ্রীত বুমৰাই এটাকে উইকেট দখল কৰে। এই প্ৰদৰ্শনৰ সুবাদত কুলদীপ যাদবে ১৫ খন টেষ্ট মেচত ৫ টাকৈ উইকেট দখলৰ বিশ্ব অভিলেখ গঢ়ে। উল্লেখযোগ্য যে, ভাৰতে কালি ৫ টা উইকেটৰ বিনিময়ত ৫১৮ বাণ কৰা অৱস্থাত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।