বিশ্বৰ ১ নম্বৰ স্থানৰ খেলুৱৈ বেলাৰুচৰ আয়না ছাবালেংকাই ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অক্ষুন্ন ৰাখিছে। যোৱাবাৰৰ চেম্পিয়ন ছাবালেংকাই যোৱানিশা ফাইনেলত অমান্দা অনিশ্বিমোভাক ৬-৩, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰি খেলুৱৈ জীৱনৰ চতুৰ্থটো গ্ৰেণ্ডশ্বেম খিতাপ হস্তগত কৰে। পুৰুষৰ ডাবলছত স্পেইনৰ মার্শেলা গ্রেনোলৰ্ড আৰু আৰ্জেণ্টিনাৰ হোৰেচিঅ’ জেবালোচৰ যুটীটোৱে ব্ৰিটেইনৰ জো চেলিচবেৰি আৰু নীল স্কুপস্কিৰ যুটীটোক ৩-৬, ৭-৬, ৭-৫ ছেটত পৰাভূত কৰি খিতাপ অৰ্জন কৰে। পঞ্চম বাছনিপ্রাপ্ত এই যুটীটোৱে এইবাৰ ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰো খিতাপ অৰ্জন কৰিছে।
ইপিনে, ইটালীৰ জেনিক ছিনাৰে প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ ছেমিফাইনেলত কানাডাৰ ফেলিক্স আউজাৰ-আলিয়াছাইমক ৬-১, ৩-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। বহু প্রত্যাশিত ফাইনেলত জেনিক ছিনাৰ আজি নিশা স্পেইনৰ কাৰ্লছ আলকাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | September 7, 2025 11:46 AM | US Open Tennis 2025 Champion Aryna Sabalenka
বেলাৰুচৰ আয়না ছাবালেংকাৰ ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অক্ষুন্ন
