October 23, 2024 5:57 PM | Bengaluru Accident

printer

বেংগালুৰুত নির্মীয়মান অট্টালিকা খহি পৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫লৈ বৃদ্ধি

কৰ্ণাটকৰ বেংগালুৰুত নির্মীয়মান অট্টালিকা খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫লৈ বৃদ্ধি পাইছে। বৰ্তমান উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। বেংগালুৰুৰ বাবুছাপল্যাত কালি ছমহীয়া অট্টালিকাটো খহি পৰাৰ সময়ত ২১ গৰাকী শ্রমিক ধ্বংসস্তূপত আবদ্ধ হৈ আছিল। হেৰ আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে আন সংশ্লিষ্ট পক্ষই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এতিয়ালৈকে ১৩ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰে ৬ গৰাকী লোকক ৰাজ্যখনৰ বিভিন্ন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অবৈধ নির্মাণকার্য চলোৱা সন্দৰ্ভত অট্টালিকাটোৰ স্বত্বাধিকাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ৷