অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ বাবে ভূমিও আৱণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে আজি লণ্ডনৰ প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।
Site Admin | November 17, 2025 7:23 PM | Akashvani | Akashvani Guwahati | Assam Govt | brindabani bastra | Chief Minister Himanta Biswa Sarma
বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন