বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কথা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ৫০০ বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূর্ণ বৃন্দাবনী বস্ত্রখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ বাবে ভূমিও আৱণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

May be an image of Tower Bridge and the Tower of LondonNo photo description available.May be an image of one or more people, people smiling and suitMay be an image of one or more peopleMay be an image of one or more people

অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। লণ্ডন ভ্ৰমণৰ প্ৰথম দিনটোত কালি ড° শৰ্মাই চহৰৰ ৱাটাৰফ্ৰণ্ট পৰিদৰ্শন কৰাৰ লগতে প্ৰবাসী অসমীয়া সকলৰ সৈতেও মত-বিনিময় কৰে।