ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 16, 2025 11:49 AM | Vrindavani Vastra

printer

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ ৰাওনা

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা কালি লণ্ডনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে ফে’চবুক লাইভ যোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই চুক্তি সফল হ’লে ৫০০ বছৰ কাল প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূর্ণ বৃন্দাৱনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ বাবে ভূমিও আৱণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব।