বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটীত কৰ্মশালাৰ আয়োজন

■ বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কাইলৈ গুৱাহাটীত এখন কৰ্মশালাৰ আয়োজন কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হ’বলগীয়া এই কৰ্মশালাত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ২০১৮ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদে দেশৰ বিভিন্ন প্ৰান্তত বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰি আহিছে। এই পৰিষদ দেশৰ বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ গুণগত মানৰ উন্নয়নৰ প্ৰতি দায়ৱদ্ধ।