ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক আটক

● গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক ধন দাবী আৰু অপহৰণৰ গোচৰত কালি আটক কৰাৰ পাছতেই সংগঠনটোৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই কালি শিৱসাগৰত এখন সংবাদমেলৰ আয়োজন কৰে। তেওঁ এই বিষয়টোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি শীঘ্ৰেই তেওঁলোকক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায়। শৃংখল চলিহাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ লগতে সংগঠনটো কেৱল অসম আৰু অসমীয়াৰ বাবেহে দায়বদ্ধ বুলি উল্লেখ কৰে।

ধন দাবী আৰু অপহৰণৰ এটা গোচৰত যোৱা দেওবাৰে আৰক্ষীয়ে ৮ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে ৫ জনেই বীৰ লাচিত সেনা নামৰ সংগঠনৰ সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত কালি সংগঠনটোৰ মুখ্য সচিব ৰণ্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনে সংবাদমেলৰ আয়োজন কৰা অৱস্থাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰে। আৰক্ষীয়ে দিশপুৰ থানাত তেওঁলোকক সোধা-পোছা অব্যাহত ৰাখিছে।
ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপক লৈ গভীৰভাৱে অসন্তুষ্ট বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ বিভিন্ন আপত্তিজনক মন্তব্য কৰা সংগঠনটোৰ এজন শীর্ষ নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।