গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰণ্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক কৰে। সংগঠনৰ দুয়োগৰাকী নেতাক আটক কৰি আৰক্ষীয়ে দিশপুৰ থানাত দুয়োকে সোধা-পোচা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ এটা গোচৰত কালি আৰক্ষীয়ে ৮ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক কৰে।
সংগঠনৰ দুয়োগৰাকী নেতাক আটক কৰি আৰক্ষীয়ে দিশপুৰ থানাত দুয়োকে সোধা-পোচা অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ এটা গোচৰত কালি আৰক্ষীয়ে ৮ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে ৫ জনেই বীৰ লাচিত সেনা নামৰ সংগঠনৰ সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত আজি সংগঠনটোৰ নেতা দুগৰাকীয়ে সংবাদমেল সম্বোধন কৰা অৱস্থাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰে। এই সন্দৰ্ভত গুৱাহাটী মহানগৰীৰ উপ আৰক্ষী আয়ুক্ত মৃনাল ডেকাই এইদৰে কয়।
ইপিনে, কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৮ জন লোকৰ পৰা ভালেমান আপত্তিজনক সামগ্রী জব্দ কৰিছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আজি সংবাদমাধ্যমৰ আগত কয় যে অসমক অশান্ত কৰিব পৰা কোনো শক্তিক প্রশ্রয় দিয়া নহ’ব। এই সন্দৰ্ভত আজি সন্ধিয়া ৭ বজাত অসম আৰক্ষীৰ সমূহ জ্যেষ্ঠ অধীক্ষকৰ সৈতে ব্যক্তিগতভাৱে পৰ্যালোচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে লাচিত সেনা নামৰ সংগঠনটোৰ কেতবোৰ কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে।