ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি জনজাতীয় শিক্ষার্থীয়ে বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি বি টি আৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হীৰেন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ’ব। তেওঁ এই ঘটনাক অপ্রীতিকৰ বুলি উল্লেখ কৰি তদন্তৰ জৰিয়তে এই ঘটনাৰ আঁৰত থকা সকলক চিনাক্ত কৰা হ’ব বুলি প্ৰকাশ কৰে।
Site Admin | December 13, 2025 12:25 PM | CM at BTC
বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ’ব : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা