ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 12:23 PM | BTC election

printer

বি টি চি নিৰ্বাচনৰ মনোনয়ন পত্র সংগ্রহ প্রক্রিয়া আৰম্ভ

বি টি চি নিৰ্বাচনৰ মনোনয়ন পত্র সংগ্রহ প্রক্রিয়া আজি আৰম্ভ হৈছে। অসম ৰাজ্যিক নির্বাচন আয়োগে কালি জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাৰ্থীসকলে আজি দিনৰ ১১ বজাৰপৰা মনোনয়নপত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন দাখিলৰ বাবে অহা ২ ছেপ্তেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ৪ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ প্রার্থীৰ তালিকা প্রকাশ কৰা হ’ব। ৬ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা ২২ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ২৬ ছেপ্তেম্বৰত ভোটগণনা কৰা হ’ব।
বিটিচি নির্বাচন তথা মনোনয়ন পত্র দাখিল সন্দৰ্ভত জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়া পংকজ চক্ৰৱৰ্তীয়ে কালি এখন সংবাদমেলৰ আয়োজন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।