ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2025 1:16 PM | BTC election

printer

বি টি চি নিৰ্বাচনৰ বাবে ৰাজৈনিতক দলসমূহৰ ব্যাপক নির্বাচনী প্ৰচাৰ

অহা ২২ ছেপ্তেম্বৰত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ কালি সামৰণি পৰে। কালি নিশা পর্যন্ত পোৱা তথ্য অনুসৰি তামুলপুৰত পাঁচটা পৰিষদীয় সমষ্টিৰ বাবে কালি ২১ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং সমষ্টিৰ মনোনয়ন পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা হয়। গয়বাৰী আৰু গোৰেশ্বৰ সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত জমা কৰা হয়। কোকৰাঝাৰত ১২ টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ ১২৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। জিলাখনত মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে দোতমা সমষ্টিত মনোনয়ন পত্র দাখিল কৰে। দেৱৰগাঁও সমষ্টিত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েও কালি মনোনয়ন পত্র জমা কৰে। চিৰাং জিলাত ৭ টা পৰিষদীয় সমষ্টিত কালি ৩৩ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। জিলাখনত মনোনয়ন দাখিল আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়- বাইট
বাক্সা জিলাত ছটা সমষ্টিৰ বাবে ৬১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াৰে ৪৫গৰাকীয়ে কালি আৰু ১৬ গৰাকীয়ে পৰহি মনোনয়ন দাখিল কৰে। অৱশ্যে এতিয়ালৈকে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা সন্দৰ্ভত শেহতীয়া তথ্য পোৱা হোৱা নাই আৰু এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইপিনে এই নিৰ্বাচনৰ বাবে বিজেপি, ইউ পি পি এল, কংগ্ৰেছ, বি পি এফকে ধৰি দলসমূহে ব্যাপক নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। দলসমূহে জিলাকেইখনত নিৰ্বাচনী কার্যালয় মুকলি কৰাৰ লগতে সভা-সমিতি পাতি ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।