মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বি টি চিৰ পৰ্বতঝোৰাত এখন জনসভাত অংশগ্ৰহণ কৰে। বি টি চিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইখন জনসভাতো মুখ্যমন্ত্ৰীগৰাকী ভি চি ডি চিৰ বিৰুদ্ধে সৰৱ হৈ উঠে। ভি চি ডি চি ব্যৱস্থাই সৰ্বসাধাৰণ দৰিদ্ৰ জনতাক শোষণ কৰা বুলি অভিযোগ কৰি ড° শৰ্মাই কয়, যে এইবাৰ বি টি চিত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ভি চি ডি চি ব্যৱস্থা প্ৰত্যাহাৰ কৰা হ’ব। তেওঁ লগতে বিজেপিৰ চৰকাৰ হ’লে বি টি চিত অৰুণোদয়কে ধৰি বিভিন্ন চৰকাৰী আঁচনি প্রকৃত হিতাধিকাৰীয়ে লাভ কৰাটো নিশ্চিত কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্গা পূজাৰ সময়ত ধুবুৰীত দুষ্কৃতিকাৰীক দেখা মাত্ৰেই আৰক্ষীয়ে গুলী চালনা কৰিব পৰা নিৰ্দেশ বাহাল থাকিব বুলি উল্লেখ কৰে। পৰিস্থিতি সাপেক্ষে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয়। উচ্ছেদ অভিযানে বনাঞ্চলসমূহ ৰক্ষা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে সকলো মানুহে বনাঞ্চল দখল কৰিব নালাগে বুলি বুজি পোৱা উচিত। বনাঞ্চলত আইন সংগতভাৱে কোনো মানুহে বাস কৰিব নোৱাৰে বুলিও তেওঁ কয় ।
মুখ্যমন্ত্রী ড° শৰ্মাই কালি কোকৰাঝাৰ জিলাত দুখনকৈ সংকল্প সভাত অংশগ্রহণ কৰি কয়, যে বিটিচিত বিজেপি চৰকাৰ হ’লে কোনো দ্বিতীয় শ্রেণী নাগৰিক নাথাকিব। বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ ২২ বছৰ পাছতো অঞ্চলটোৰ ৰাইজে আজিও বিচৰাধৰণে অধিকাৰ নাপালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপি লক্ষ্য হৈছে বিটিচিৰ প্ৰতিটো জাতি-জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰা। বিটিআৰ বাসীৰ মাটি-বাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান, শিক্ষাৰ উন্নয়ন, মহিলাৰ স্ব-নিৰ্ভৰশীলতা, আন্তঃগাঁথনি উন্নয়ন, যুৱ শক্তিৰ বিকাশ আৰু জীৱন জীৱিকাৰ সৰ্বাংগীন বিকাশেৰে বিজেপিয়ে এখন নতুন বিটিআৰৰ সপোন ৰচা বুলিও তেওঁ কয়। জিলাখনৰ কালিপুখুৰী হাউৰীয়া মাণ্ডলিক বাক্ৰা খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ড° শৰ্মাই ১২ নম্বৰ ছালাকাটি পৰিষদীয়ৰ সমষ্টিৰ দলীয় কর্মকর্তাসকলক সম্বোধন কৰাৰ পাছতে কাশিয়াবাৰীৰ আৰনাই খেলপথাৰত আয়োজিত আন এখন সভাত অংশগ্ৰহণ কৰে। এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকলে বিজেপিৰ শাসনত স্ব-নিৰ্ভলশীলতাৰ দিশে আগবঢ়াৰ প্ৰসংগও দাঙি ধৰে।
Site Admin | August 26, 2025 8:04 PM | Assam CM Campaign
বি টি চিৰ পৰ্বতঝোৰাত জনসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
