ডাউনলোড
মোবাইল এপ

android apple
signal

September 7, 2025 11:53 AM | btr election

printer

বি টি আৰৰ ৪০টা সমষ্টিত ২২ ছেপ্তেম্বৰত হ’বলগীয়া নিৰ্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীৰ মাজত প্রতিদ্বন্দ্বিতা

বি টি আৰৰ ৪০টা সমষ্টিত ২২ ছেপ্তেম্বৰত হ’বলগীয়া নিৰ্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ আগেয়ে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। এই নিৰ্বাচনৰ বাবে ৩৮৪ খন মনোনয়ন দাখিল হৈছিল আৰু ইয়াৰে ৩৫০ খন বৈধ হিচাপে বিবেচিত হৈছিল।
বাক্সা জিলাত কালি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। ইয়াৰ ফলত জিলাখনৰ ছটা পৰিষদীয় সমষ্টিত ৫২ গৰাকী প্ৰাৰ্থী এতিয়া প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। তামুলপুৰ জিলাত ৪১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু আটাইকেইগৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। ওদালগুৰি জিলাত ৭১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছিল যদিও ৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰাৰ ফলত ৬৮ গৰাকী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। কোকৰাঝাৰ জিলাত কালি ১৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰাৰ ফলত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ সংখ্যা এশলৈ হ্ৰাস পাইছে। চিৰাং জিলাত ছগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত চূড়ান্ত প্ৰাৰ্থীৰ সংখ্যা ৫৬ হৈছে।
এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। বাক্সা জিলাৰ ককলাবাৰীত কালি বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত কমেও ৫০ জন লোকে দলত যোগ দিয়ে। জিলাখনৰ হজুৱাত কালি ইউ পি পি এল দলৰ এটা নিৰ্বাচনী কার্যালয় মুকলি কৰা হয়। দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অহোপাত কালি গণ সুৰক্ষা পাৰ্টীৰ এখন যোগদান সভা অনুষ্ঠিত হয়। এই সভাত বি পি এফ আৰু ইউ পি পি এল দলৰ কেইবাগৰাকীও সদস্যই দলটোত যোগ দিয়ে।
তামুলপুৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়াই কালি প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৰু চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। এই উপলক্ষে আয়োজিত সভাত বিভিন্ন দলৰ প্ৰতিনিধিসকলক নির্বাচনী আচৰণ বিধি সম্পর্কে অৱগত কৰোৱা হয়। তদুপৰি সেউজ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰিবেশ বিনষ্ট কৰিব পৰা সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ নিৰ্বাচনী বিষয়াগৰাকীয়ে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।