ডাউনলোড
মোবাইল এপ

android apple
signal

May 11, 2025 12:19 PM | IPL

printer

বি চি চি আই আৰু আই পি এল পৰিচালনা সমিতিৰ ক্রিকেট প্রতিযোগিতা সম্পূৰ্ণ কৰাৰ সম্ভাব্য সূচীৰ বিষয়ে আলোচনা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইৰ বিষয়ববীয়া আৰু আই পি এল পৰিচালনা সমিতিয়ে আজি এই ক্রিকেট প্রতিযোগিতা সম্পূৰ্ণ কৰাৰ সম্ভাব্য সূচীৰ বিষয়ে আলোচনা কৰিব বুলি পৰিষদৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই প্ৰকাশ কৰিছে। পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে সিন্দূৰ অভিযান চলোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ সীমান্ত বিবাদ পূর্ণকালীন যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনালৈ চাই বি চি চি আয়ে শুকুৰবাৰে এই প্ৰতিযোগিতা স্থগিত ৰাখিছিল। প্ৰতিযোগিতাত এতিয়াও ১৬ খন খেলিবলৈ বাবী আছে। উল্লেখযোগ্য যে, ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষৰ বাবে যোৱা বৃহস্পতিবাৰে ধৰ্মশালাত পাঞ্জাব কিংছ আৰু ডেলহি কেপিটেলছৰ মাজত অনুষ্ঠিত খেলখন আধাতে পৰিত্যক্ত ঘোষণা কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।